আপুনি কি টয়লেটত ম’বাইল লৈ বহে নেকি? তেনেহ’লে এতিয়াই এই অভ্যাস ত্যাগ কৰা অতি প্ৰয়োজনীয়।
চিকিৎসকৰ মতে, টয়লেটত ম’বাইল ব্যৱহাৰ কৰিলে কোষ্ঠকাঠিন্য আৰু পাইলছৰ দৰে জটিল সমস্যা হ’ব পাৰে। এই খবৰ বিশেষকৈ কিশোৰ আৰু যুৱকসকলৰ বাবে গুৰুত্বপূর্ণ।
চিকিৎসকৰ মতে, প্ৰতিদিন ২০ ৰো অধিক ৰোগী পেটৰ সমস্যা লৈ হস্পিতাললৈ আহে। মোবাইল ব্যৱহাৰ কৰাৰ বাবে দীঘলীয়া সময় টয়লেটত বসাৰ প্রৱণতা বৃদ্ধি পায়, যাৰ ফলত হজমৰ সমস্যা দেখা দিয়ে।শৌচক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ মস্তিষ্ক, অন্ত্ৰ আৰু পেশীৰ পৰস্পৰ সমন্বয় প্ৰয়োজন। কিন্তু যেতিয়া মস্তিষ্ক মোবাইলত ব্যস্ত থাকে, তেতিয়া অন্ত্ৰই সঠিক সংকেত পাব নোৱাৰে আৰু মলত্যাগত বিলম্ব ঘটে। ইয়াৰ ফলত পেট পূৰ্ণৰূপে পৰিষ্কাৰ নহয়। যাৰ ফলত পিছত পাইলছ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।
এই সমস্যাৰ প্ৰাথমিক লক্ষণ হৈছে পেট পৰিষ্কাৰ নোহোৱা, কোষ্ঠকাঠিন্য, পেটৰ বিষ, গেছ আৰু খাদ্য হজম নোহোৱা। বিশেষকৈ মোবাইলৰ আসক্তিৰ বাবে বহুতেই এই সমস্যাৰ চিকাৰ হৈ আহিছে।
মাত্ৰ সেয়াই নহয়, টয়লেটত মোবাইল লৈ গ’লে তাৰ পৰা মোবাইল ফোনত বেক্টেৰিয়া লগাৰ সম্ভাৱনাও বেছি থাকে। এই বেক্টেৰিয়া খাদ্যৰ দ্বাৰা দেহত প্ৰৱেশ কৰি খাদ্য বিষক্ৰিয়া আৰু সংক্ৰমণ কৰিব পাৰে।
গৱেষণাই জনাইছে, যিসকলে শৌচালয়ত স্মাৰ্টফোন ব্যৱহাৰ কৰে, তেওঁলোকৰ মাজত পাইলচ হোৱাৰ প্রৱণতা বেছি দেখা যায়।
অৱশ্যে তেনে কোনো সমস্যাই দেখা দিলে আপুনি চিকিৎসকৰ কাষ চপাটো অতিকে গুৰুত্বপূৰ্ণ।
