চলিত অসম গ্ৰন্থমেলাত প্ৰকাশ পাইছে বহুতো লিখকৰ নতুন নতুন কিতাপ।
এইবাৰৰ গ্ৰন্থমেলাত প্ৰকাশ পাইছে যুৱ লেখক তথা আই এ এছ বিষয়া আৰণ্যক শইকীয়াৰ দুখনকৈ নতুন কিতাপ।
তেওঁৰ নতুনকৈ প্ৰকাশ পোৱা দুয়োখন কিতাপ ক্ৰমে- ‘মৃত্যুৰ সাউদ আৰু অনান্য গল্প’ আৰু ‘হেলনীয়া খুঁটা আৰু অনান্য অগল্প’।
গুৱাহাটী গ্ৰন্থমেলাৰ পূৰ্বায়ণ প্ৰকাশনৰ ৭ নং ষ্টলত ‘মৃত্যুৰ সাউদ আৰু অনান্য গল্প’ আৰু স্পেক্ট্ৰাম প্ৰকাশনৰ ১২৯ নং ষ্টলত ‘হেলনীয়া খুঁটা আৰু অনান্য অগল্প’ উপলব্ধ বুলি লেখক গৰাকীয়ে সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে।
উল্লেখ্য যে আৰণ্যক শইকীয়া বৰ্তমান মুখ্য সচিবৰ কাৰ্যালয়ত ষ্টাফ অফিচাৰ হিচাপে কৰ্মৰত।
