মূলতঃ গীতাৰ সম্পূৰ্ণ পৰিচয় হ’ল শ্ৰীমদ্ভাগৱত গীতা। গীতাক ব্ৰহ্ম বিদ্যা বুলিও কোৱা হয়। ব্ৰহ্ম শব্দৰ অৰ্থ জ্ঞান, যি পৰম জ্ঞানৰ বিদ্যা, সেয়ে গীতা। কুৰুক্ষেত্ৰ মহা সমৰত শ্ৰীকৃষ্ণ অৰ্জুনৰ বাৰ্তালাপত গীতা অৰ্থাৎ, পৰম জ্ঞানসমূহ উৎপত্তি হৈছিল যদিও এই জ্ঞানসমূহৰ মূল উৎস হ’ল উপনিষদ। উপনিষদৰ সাৰ সম্পদ হ’ল গীতা।
বেদৰ চাৰিটা ভাগ আছে – সংহিতা, ব্ৰাহ্মণ, আৰণ্যক আৰু উপনিষদ। সংহিতা ব্ৰাহ্মণ আৰু আৰণ্যকৰ দাৰ্শনিক আলোচনা আৰু ইয়াৰ শেষ সিদ্ধান্ত থকা স্তৰেই উপনিষদ। উপনিষদৰ মূল অৰ্থ হ’ল, যি বিদ্যাই মানুহক নিশ্চিতকৈ ঈশ্বৰৰ ওচৰ চপাই দিয়ে, সেয়ে হ’ল উপনিষদ।
গীতাত দুটা মূল যুগৰ কথা উল্লেখ আছে- কৰ্ম যোগ আৰু জ্ঞান যোগ। যোগ শব্দৰ অৰ্থ হ’ল মিলন। জীৱাত্মাই পৰমাত্মাৰ লগত মিলিত হোৱাৰ পথ বিচাৰি থাকে। গীতাই সকলো যোগৰ পথ সুনিৰ্দিষ্টকৈ দেখুৱাই দিছে। সেয়ে, গীতাই মূল যোগশাস্ত্ৰ। এয়ে হ’ল গীতাৰ পৰিচয়।
