গীতাত ধৃতৰাষ্ট্ৰই একমাত্ৰ শ্লোকত উল্লেখ কৰিছিল ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰৰ কথা। পিছে এই ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ শব্দৰ অৰ্থ কি?

এই ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ শব্দৰ তাৎপৰ্য এনেধৰণৰ- হস্তিনাপুৰৰ চাৰিও ঠাইৰ ক্ষেত্ৰক কুৰুক্ষেত্ৰ বোলা হৈছে। কুৰু-পাণ্ডৱৰ পূৰ্বপুৰুষ কুৰুৰজাই এই ক্ষেত্ৰত হলাকৰ্ষণ কৰি খেতি কৰিছিল কাৰণে এই ক্ষেত্ৰৰ নাম ৰখা হৈছিল কুৰুক্ষেত্ৰ।

এই ক্ষেত্ৰ এহাতে যেনেকৈ শস্য উৰ্বৰা ভূমি, আনহাতে এইখন এখন ধৰ্ম কাৰ্যৰ পবিত্ৰ ক্ষেত্ৰও। এই ক্ষেত্ৰই পৱিত্ৰ হোৱাৰ যোগ্যতা অৰ্জন কৰিছিল কুৰুৰজাৰ যোগেদিয়েই। এই ক্ষেত্ৰত তপস্যা বা দান-যজ্ঞ কৰিলে অধিক পূণ্যবান হ’ব বুলি কুৰু ৰজাই দেৱতাৰ পৰা বৰ লাভ কৰিছিল। আনহে নালাগে যদি ইয়াত কোনোবাই যুদ্ধ কৰি মৃত্যু বৰণো কৰে, তেওঁলোকেও পূণ্য কীৰ্তি অৰ্জন কৰিব বুলি কোৱা হৈছিল। সেই অৰ্থতেই এই ক্ষেত্ৰক ধৰ্মক্ষেত্ৰ বুলি পৰিচয় দিয়া হৈছিল।

সেই উদ্দেশ্যেৰে কথা আগত ৰাখি কুৰু-পাণ্ডৱে এই ক্ষেত্ৰত মহাসমৰ আৰম্ভ কৰিছিল। ধৃতৰাষ্ট্ৰই এনে অৰ্থতে ধৰ্মক্ষেত্ৰ শব্দৰ ব্যৱহাৰ কৰিছে।

0Shares