গীতাৰ সৰ্বমুঠ শ্লোক ৭০০ টা। ইয়াৰে ৫৭৪ টা শ্লোক ক’লে শ্ৰীকৃষ্ণই, ৪০ টা ক’লে সঞ্জয়ে, ৮৫ টা ক’লে অৰ্জুনে আৰু এটা ক’লে ধৃতৰাষ্ট্ৰই। গীতাত অনেক নাম প্ৰাসংগিকভাৱে উচ্চাৰণ কৰা হৈছে যদিও মাত্ৰ উল্লেখিত চাৰিজনৰ ভিতৰতে গীতাৰ শ্লোক সমূহ আৱদ্ধ হৈ আছে।

গীতাত শ্লোকৰ মূল বক্তাৰূপে পৰিচয় লাভ কৰোঁতাজনেই হ’ল শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণৰ যোগেদিয়েই সৰহ সংখ্যক শ্লোক উত্থাপন কৰা হৈছে। আনৰ তুলনাত শ্ৰীকৃষ্ণই সৰ্বাধিক শ্লোকৰ অৱতাৰণা কিয় কৰিব লগা হ’ল?

ইয়াৰ মূল তাৎপৰ্য হ’ল গীতা জ্ঞানৰ ভঁৰাল। সৰ্বাধিক জ্ঞান প্ৰদান কৰাটোৱেই শ্ৰীকৃষ্ণৰ উদ্দেশ্য হোৱাৰ কাৰণে জ্ঞান তত্ত্বসমূহ অধিকভাৱে কৃষ্ণৰ মুখে নিগৰিত হৈছে। শ্ৰীকৃষ্ণৰ মুখনিশ্ৰিত বাণীসমূহ অমৃতস্বৰূপ। এই অমৃত ৰস পান কৰাৰ পিছত জীৱৰ আন ৰসত তৃপ্তি থাকিব নোৱাৰে।

0Shares