মহাভাৰতৰ কুৰুক্ষেত্ৰ সমৰৰ অন্যতম এক গুৰুত্বপূৰ্ণ চৰিত্ৰ সঞ্জয়। গীতাত শ্ৰীকৃষ্ণৰ পিছতেই অধিক শ্লোক অৰ্জুনে কৈছিল যদিও সঞ্জয়ৰ গুৰুত্বও কম নহয়। কুৰুক্ষেত্ৰ সমৰৰ দৃশ্যপট ধৃতৰাষ্ট্ৰক দেখুৱাইছিল সঞ্জয়ে, লগে লগে গীতাৰ বাণীও শুনাইছিল।

জ্ঞান সৃষ্টি হোৱাৰ মূলতে পৰিৱেশ। জ্ঞান সৃষ্টি পৰিৱেশৰ প্ৰধান উন্মেষক সঞ্জয়। ঢাকনি আৱৰণ গুচালেহে সঁফুৰাৰ মূল সম্পদৰ কথা গম পোৱা যায়। সেইদৰে শুদ্ধ সত্ব গীতা জ্ঞানৰ সম্ভেদ দিওঁতা হ’ল সঞ্জয়। গীতাৰ দ্বিতীয় শ্লোকতে সঞ্জয়ে গীতাৰ বাহ্যিক আৱৰণ স্বৰূপ কুৰুক্ষেত্ৰ সমৰৰ পৰিৱেশ প্ৰদৰ্শন কৰা হৈছে।

গীতাৰ শেষৰ শ্লোকটিয়েই সঞ্জয়ৰ সামৰণি শ্লোক-

যত্ৰ যোগেশ্বৰঃ কৃষ্ণো যত্র পাৰ্থো ধনৰ্ধৰঃ।

তত্ৰ শ্ৰীৰ্বিজয়ো ভূতিৰ্ধ্ৰৱা নীতিৰ্ম্মতিৰ্ম্মম।।

এই শ্লোকৰ যোগেদিয়েই ধৃতৰাষ্ট্ৰৰ আগত গোটেই কুৰুক্ষেত্ৰ সমৰৰ বিৱৰণ দিয়াৰ পিছত সঞ্জয়ৰ স্বাভিমত প্ৰকাশ কৰিছে এনেদৰে- “য’ত যোগেশ্বৰ কৃষ্ণ থাকে, য’ত মহাবীৰ অৰ্জুন থাকে, তাত শ্ৰী, বিজয় আৰু অচলা নীতি বিৰাজ কৰে।”

0Shares