স্বাভাৱিকতে প্ৰশ্ন আহে যে গীতাজ্ঞান দিবৰ বাবে পোনে পোনে কৃষ্ণই অৰ্জুনক বাচি ল’লে, পঞ্চপাণ্ডৱৰ আনসকলক নল’লে কিয়? ইয়াৰ ৰহস্য কি?
এই ৰহস্যৰ কথা আলোচনা কৰিলে অন্তৰ্নিহিত তত্ত্বপূৰ্ণ যুক্তি আৰু কিছু প্ৰাসংগিক কাহিনী উপকাহিনীৰ কথা পোৱা যায়।
স্কন্ধ পুৰাণত উল্লেখ থকা অনুসৰি, দ্বাপৰত চন্দ্ৰ বংশত ভগৱানৰ অৱতাৰ নৰনাৰায়ণেই কৃষ্ণ আৰু অৰ্জুনৰূপে জন্মগ্ৰহণ কৰে। ধৰ্মপত্নীৰ মূৰ্তিৰ গৰ্ভত নৰনাৰায়ণৰ অৱতাৰ প্ৰকাশ হয়। এই কথাৰ যোগেদি কৃষ্ণ অৰ্জুনৰ পোনপটীয়া সম্বন্ধ দেখা যায়।
