সম্পৰ্কীয় বাতৰি

বৃহস্পতিবাৰে ৯২ বছৰ বয়সত দেহাৱসান ঘটে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ।

তেখেতৰ মৃত্যু দেশৰ বাবেই এক অপূৰণীয় ক্ষতি।

বৃহস্পতিবাৰে হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছিল মনমোহন সিঙৰ। আৰু তাৰ পিছত সন্ধিয়া জৰুৰীকালীন বিভাগত ততাতৈয়াকৈ ভৰ্তি কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি লয় দেশৰ প্ৰখ্যাত অৰ্থনীতিবিদগৰাকীয়ে।

মনমোহন সিঙৰ জন্ম হৈছিল বৰ্তমানৰ পাকিস্তানৰ পশ্চিম পাঞ্জাৱত। স্বাধীনতাৰ পিছত দেশ বিভাজনৰ সময়ত ভাৰতবৰ্ষলৈ আহে সিঙৰ পৰিয়াল।

অক্সফোৰ্ডৰ পৰা অৰ্থনীতিত ডক্টৰেট ডিগ্ৰী গ্ৰহণৰ পিছত ১৯৬৬ৰ পৰা ১৯৬৯ চনলৈ ৰাষ্ট্ৰসংঘৰ বাবে কাম কৰিছিল মনমোহন সিঙে।

১৯৭০ চনৰ পৰা মনমোহন সিঙে ভাৰত চৰকাৰৰ বহু গুৰুত্বপুৰ্ণ শীৰ্ষস্থানীয় পদবীত কাৰ্যনিৰ্বাহ কৰে।

১৯৯১ চনৰ ভাৰতৰ অৰ্থনৈতিক সংকটৰ সময়ত চৰ্চালৈ আহে ডঃ মনমোহন সিং।

১৯৯১ চনত, ভাৰতবৰ্ষ ভয়ংকৰ অৰ্থনৈতিক সংকটৰ গৰাহত পৰিছিল। সেইসময়ত নতুনকৈ প্ৰধানমন্ত্ৰীৰ আসনত বহা পি ভি নৰসিংহ ৰাওৱে মনমোহন সিঙক দিয়ে বিত্ত মন্ত্ৰীৰ দায়িত্ব। আৰু এবছৰৰ ভিতৰত দেশৰ অৰ্থনীতিৰ বহু দিশ সলাই পেলাই সিঙে।

আৰম্ভ হয় ভাৰতৰ অৰ্থনৈতিত উদাৰবাদৰ। খুলি দিয়া হয় বিনিয়োগৰ দুৱাৰ।

২০০৪ চনত কংগ্ৰেছ নেতৃত্বাধীন UPA শাসনলৈ আহে। সেইসময়ত বহুতে ভাবিছিল দেশৰ প্ৰধানমন্ত্ৰী হ’ব ছোনিয়া গান্ধী। কিন্তু সকলোকে আচৰিত কৰি ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী পদৰ বাবে ঘোষনা কৰে ড০ মনমোহন সিঙৰ নাম।

আৰু সেয়াই আছিল আৰম্ভণি। ২০০৪ৰ পৰা ২০১৪ চনলৈকে দেশৰ প্ৰধানমন্ত্ৰীৰ আসন শুৱনি কৰে সিঙে। দেশ অৰ্থনৈতিক আৰু সামাজিক দিশত বহুদূৰ আগুৱাই যায় মনমোহন সিঙৰ কাৰ্যকালত।

অসমৰ লগতো মনমোহন সিঙৰ আছিল সু-সম্পৰ্ক। ১৯৯১ চনৰ পৰা ২০১৯ লৈ ৰাজ্যসভাত অসমক প্ৰতিনিধিত্ব কৰিছিল ড০ মনমোহন সিঙে।

বাৰ্ধ্যক্যজনিত কাৰণত কিছুদিন ধৰি অসুস্থ হৈ আছিল ডঃ মনমোহন সিং। আৰু অৱশেষত বৃহস্পতিবাৰে নিশা দেহাৱসান ঘটে আধুনিক ভাৰতৰ অন্যতম নিৰ্মিতাগৰাকীৰ।

0Shares