এক কৰুণ ঘটনা। ৰোগীয়া পত্নীৰ চিকিৎসাৰ বাবে স্বামীয়ে লৈছিল স্বেচ্ছামূলক অৱসৰ। পিছে কাৰ্যালয়ত অৱসৰৰ বিদায় অনুষ্ঠানত মৃত্যু হ’ল পত্নীৰ। এই ঘটনা ৰাজস্থানৰ কোটাৰ।
জানিব পৰা মতে, ৫০ বছৰীয়া টিনা চেণ্ডল কেইবা বছৰ ধৰি অসুস্থ হৈ আছিল। শেহতীয়াকৈ, তেওঁৰ স্বাস্থ্য সমস্যা যথেষ্ট বৃদ্ধি পায়। মহিলাগৰাকী মুখ্যতঃ হৃদযন্ত্ৰৰ সমস্যাত ভুগি আছিল। স্বামী দেৱেন্দ্ৰ চেণ্ডলে তেওঁৰ যত্ন ল’বলৈ তিনি বছৰ পূৰ্বেই স্বেচ্ছামূলক অৱসৰৰ বাবে আবেদন কৰিছিল।
সেই অনুসৰি, মঙলবাৰে তেওঁৰ কামৰ অন্তিম দিন আছিল। অন্তিম দিনা কাৰ্যালয়ত দেৱেন্দ্ৰ চেণ্ডলৰ বাবে অনুষ্ঠিত হৈছিল বিদায় অনুষ্ঠান। বিদায় অনুষ্ঠানত সহকৰ্মীয়ে কৰিছে দুখ। কিন্তু দেৱেন্দ্ৰ আনন্দময় মেজাজত আছিল। কাৰণ তেওঁ অৱশেষত কামৰ পৰা অৱসৰ ল’ব পাৰিলে আৰু নিজৰ পত্নীক সম্পূৰ্ণ সময় দিব পাৰিব।
দেৱেন্দ্ৰই কোটাৰ এটা কোম্পানীত মেনেজাৰ হিচাপে কাম কৰিছিল। বিদায় অনুষ্ঠানত স্বামী আৰু পত্নী দুয়োজনকে সহকৰ্মীসকলে ডিঙিত মালা পাইন্ধাইছিল। সকলোৱে হাঁহি হাঁহি উঠিছিল।
স্বামীৰ চাকৰিৰ শেষ দিনটোত সহকৰ্মীসকলে পুৰণি কথাবোৰৰ বিষয়ে কথা পাতি আছিল। টিনাই চকীখনত বহি আছিল আৰু এই সকলোবোৰ শুনি শুনি হাততালি দি আছিল। কিন্তু হঠাতে চকীৰ পৰা খহি পৰে টিনা।
টিনাই তেওঁৰ স্বামীক ইংগিত দিছিল, যিহেতু তেওঁ হঠাতে অসুস্থ অনুভৱ কৰিছিল। দেৱেন্দ্ৰ ওচৰ চাপি অহাৰ লগে লগে তেওঁ কয়, “মোৰ মূৰটো ঘূৰাইছে।” সহকৰ্মীসকলে দৌৰাদৌৰি কৰিবলৈ আৰম্ভ কৰিছিল। লগে লগে এজন চিকিৎসকক মাতিও অনা হৈছিল। কিন্তু চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে।
