সম্পৰ্কীয় বাতৰি

উত্তৰ প্ৰদেশৰ মীৰাটৰ ২৩ বছৰীয়া তৰুণী তাপসী উপাধ্যায়। লক্ষ্য — জলবায়ু পৰিৱৰ্তন, স্বাস্থ্য সাক্ষৰতা, যুৱ সবলীকৰণ আৰু দয়ালু জীৱন-যাপনৰ ওপৰত সজাগতা সৃষ্টি। এই চাৰিটা বিশেষ উদ্দেশ্যৰে ডেৰ বছৰৰ বাবে তেওঁ ওলাই আহিছে ঘৰৰ পৰা। সমগ্ৰ ভাৰতবৰ্ষ বাইকেৰে ঘূৰিব যুৱতী গৰাকীয়ে। ইতিমধ্যে প্ৰায় ৬খন ৰাজ্যত ভ্ৰমণ সম্পূৰ্ণ কৰিছে যুৱতী গৰাকীয়ে। চলিত বৰ্ষৰ ৯ মাৰ্চত আৰম্ভ হোৱা এই অভিনৱ যাত্ৰাটোৰ নাম ৰাখিছে ‘মিশ্যন হেল্থি ভাৰত’। ২৩ বছৰীয়া তাপসী বাইক যাত্ৰাৰে আহি উপস্থিত হৈছে অসমৰ গুৱাহাটীত। ইয়াৰ পিছত তাপসীয়ে যাত্ৰা কৰিব ত্ৰিপুৰালৈ। দেশৰ ২৮ খন ৰাজ্য আৰু ৮ খন ইউনিয়ন টেৰিটৰি সামৰি এই ভ্ৰমণ সমাপ্ত কৰাৰ পৰিকল্পনা তাপসীৰ।

0Shares