বুধবাৰে নিশা সংঘটিত হয় এক দুৰ্ঘটনা। দুৰ্ঘটনাক কেন্দ্ৰ কৰি বৃদ্ধি পায় উত্তেজনা। দুৰ্ঘটনাৰ কাৰণ জানিলে আপুনিও আচৰিত হব। ঘটনাতো সংঘটিত হয় চত্তিশগড়ৰ ৰায়পুৰত। এখন গাড়ী আৰু স্কুটাৰৰ মাজত সংঘটিত হয় দুৰ্ঘটনাতো।
সেই সময়ত স্কুটাৰত ৩ জন আৰোহী আছিল। গাড়ীৰ খুন্দাত তিনিও উফৰি পৰে। আহত তিনিওকে চিকিতসালয়ত ভৰ্তি কৰোৱা হয়।
প্ৰত্য়ক্ষদৰ্শীৰ মতে, দাড়ীখন চলাইছিল এজন অধিবক্তাই। তেওঁৰ সৈতে আছিল এগৰাকী ৰাছিয়ান মহিলাও। দুৰ্ঘটনাৰ সময়ত ৰাছিয়ান মহিলা গৰাকী তেওঁৰ কোলাত বহি আছিল। দুয়ো আছিল মদ্য়পান অৱস্থাত। আৰু তাৰ পিছতেই তেওঁলোকে খুন্দা মাৰে স্কুটাৰত। ঘটনাৰ পিছত কন্দা-কটা আৰু চিঞৰ-বাখৰ কৰে মহিলা গৰাকীয়ে।
সূত্ৰ অনুসৰি, দুয়ো সুৰাসক্ত অৱস্থাত পাবৰ পৰা গাড়ীত আহি আছিল। তেনেতে চলন্ত অৱস্থাত মহিলা গৰাকী চালক অধিবক্তাৰ কোলাত বহি পৰে। আৰু লগে লগেই গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই স্কুটাৰত খুন্দা মাৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰাছিয়ান মহিলা গৰাকী পৰ্যটক ভিছাত ভাৰতত আছিল। আৰু দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনত ভাৰত চৰকাৰ লিখা আছিল।
