সম্পৰ্কীয় বাতৰি

এগৰাকী কিশোৰীৰ ধৰ্ষণ আৰু নৃশংস হত্যাক লৈ উত্তাল সমগ্ৰ ৰহা অঞ্চল। যোৱা ১১ জুনতে সন্ধানহীন হোৱা নাবালিকাগৰাকীৰ উদ্ধাৰ হ’ল গলিত মৃতদেহ। হানিফ, বাবিদুল আৰু আজিজুল নামৰ তিনি অভিযুক্তই আৰক্ষীৰ জিম্মাত স্বীকাৰ কৰিলে নিজৰ অপৰাধ। কিন্তু ঘটনাৰ পাকচক্ৰত ওলাই পৰে যে ৰহাৰ পিংকি নামৰ নিৰুদ্দিষ্ট নাবালিকা গৰাকী জীয়াই আছে। তেওঁ পলাই গৈছিল উত্তৰ প্ৰদেশৰ ট্রাকচালক ৰাহুল সিঙৰ সৈতে। গুৱাহাটীত পিংকিক সহায় কৰা আন দুজন লোক ধীৰাজ কুমাৰ আৰু নন্দকিশোৰ আটকাধীন। পিংকি উদ্ধাৰ হৈছে আৰু বৰ্তমান তাই আৰক্ষীৰ জিম্মাত। কিন্তু এতিয়া প্ৰশ্ন উঠিছে যে উদ্ধাৰ হোৱা গলিত মৃতদেহটো কাৰ? আৰু পিংকিক হত্যা কৰা বুলি আৰক্ষীৰ জিম্মাত স্বীকাৰ কৰা হানিফ, বাবিদুল আৰু আজিজুলৰ ওপৰত কি ব্যৱস্থা লোৱা যাব? ৰহাত ইতিমধ্যে চলি থকা প্ৰতিবাদ চলি থাকিবনে? সকলো প্ৰশ্নৰ উত্তৰ এতিয়া সময়ৰ হাতত।

২০-০৬-২০২৫

0Shares