আগন্তুক কেইবা দিনলৈ যদি আপোনাৰ কোনো ভ্ৰমণৰ পৰিকল্পনা আছিল, তেন্তে বাতিল কৰক ভ্ৰমণসূচী। কিয়নো সাৱধানতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ।

চলিত সপ্তাহত অসমকে ধৰি অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, পশ্চিম বংগ আৰু ছিকিমত লঘুৰ পৰা মধ্যমীয়া বৰষুণ হ’ব পাৰে। শনিবাৰে অৰুণাচল প্ৰদেশত বৰষুণৰ লগতে বৰফ পৰিছিল।

প্ৰচণ্ড বৰষুণে শীতকালক বিদায় দিয়াৰ সম্ভাৱনাও আছে।

খবৰ অনুসৰি, বংগোপসাগৰৰ ওপৰত ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে, যাৰ বাবে ১০ খনতকৈও অধিক ৰাজ্যত বৰষুণৰ সম্ভাৱনা আছে। ইয়াৰ সৰ্বোচ্চ প্ৰভাৱ উত্তৰ-পূবৰ ৰাজ্যসমূহত দেখা যাব।

একে সময়তে উত্তৰ-পশ্চিমৰ হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ দৰে ৰাজ্যতো দেখা যাব। আগন্তুক ৭ দিনৰ ভিতৰত উত্তৰ-পূবৰ ৰাজ্যসমূহত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, নাগালেণ্ড আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত সমুদ্ৰপৃষ্ঠৰ পৰা ১.৫ কিলোমিটাৰ উচ্চতাত ঘূৰ্ণীবতাহৰ বতাহ বলিছে।

ইয়াৰ বাবে ২১ ফেব্ৰুৱাৰীলৈকে উত্তৰ-পূবত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ লগতে বৰফ পৰাৰ সম্ভাৱনা আছে।

0Shares