সম্পৰ্কীয় বাতৰি

ভাৰত-চীন সীমান্তৰ মেচুকাৰ নান্দনিক পৰিবৱেশত বিলীন পৰ্যটক

বৰফৰ শুকুলা আচ্ছাদনেৰে ভূ-স্বৰ্গলৈ ৰূপান্তৰিত হৈছে অসমৰ গাতে লাগি থকা অৰুণাচলৰ মেচুকা। প্ৰচণ্ড তুষাৰপাতে এতিয়া মেচুকাক প্ৰদান কৰিছে অনন্য ৰূপ। চাৰিওফালে কেৱল শুভ্ৰ বৰফৰ আচ্ছাদন, যেন ভূস্বৰ্গলৈ পৰিণত হৈছে প্ৰাকৃতিক পৰিৱেশেৰে চহকী চুবুৰীয়া ৰাজ্য অৰুণাচলৰ মেচুকা।

উত্তৰ-পূবৰ কেউখন ৰাজ্যৰ পৰ্যটনস্থলীসমূহৰ অন্যতম ভাৰত-চীন সীমান্তত অৱস্থিত তথা বৰফাবৃত মেচুকাৰ বিনন্দীয়া পৰিবেশ উপভোগ কৰিবলৈ এতিয়া ভিৰ কৰিছে দেশ-বিদেশৰ বহু পৰ্যটকে।

মেচুকাত এতিয়া তুষাৰপাত হোৱাৰ ভৰপক সময়। শীতৰ আগমনৰ লগে লগে বৰফেৰে আৱৰি থোৱা এই মেচুকাৰ এই মনোমোহা প্রাকৃতিক পৰিবেশ উপভোগ কৰিবলৈ প্ৰতি বছৰে দেশৰ বিভিন্ন প্রান্তৰ পৰা বহুসংখ্যক প্রকৃতিপ্রেমী পৰ্যটকৰ আগমন হোৱা দেখা যায়। শীতৰ আগমনৰ লগে লগে মেচুকাই ধাৰন কৰে এক অনন্য ৰূপ। প্ৰতি বছৰৰ দৰে এইবছৰো মেচুকাৰ বৰফৰ শুকুলা চাদৰ চাবলৈ বিভিন্ন ৰাজ্যৰ পৰা নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহত শ-শ পৰ্যটকৰ আগমন ঘটিছে।

অৰুণাচল প্ৰদেশ ৰাজ্যৰ ছি’য়োমি জিলাৰ য়াৰ্গেপ চু/ চিয়োম নদীৰ পাৰৰ মেচুখা উপত্যকাত সাগৰ পৃষ্ঠৰ পৰা ৬,০০০ ফুট (১,৮২৯ মিটাৰ) ওপৰত অৱস্থিত চহৰখনেই হ’ল মেচুকা। পাহাৰ, নদ-নদীৰে ভৰি থকা মেচুকা অঞ্চলত এতিয়া বৰফে সৃষ্টি কৰিছে মনোৰম পৰিৱেশ। চৌদিশে এতিয়া শুকুলা বৰফ। বৰফৰ চাদৰে ঢাকি পেলাইছে পাহাৰ-পৰ্বত, গছ-বন। পথৰ ওপৰতো বৰফ। ঘৰৰ ওপৰতো বৰফৰ শুভ্ৰ দলিচা। ঠায়ে ঠায়ে ২-৩ ফুট পৰ্যন্ত পৰিছে বৰফ।

স্বাভাবিকতে এই তুষাৰপাতেই এতিয়া আকৰ্ষিত কৰিছে পৰ্যটকসকলক। ভাৰত-চীন সীমান্তৰ বিনন্দীয়া মেচুকাৰ ৰূপৰ সুধা পান কৰিবলৈ আগমন ঘটিছে বহু পৰ্যটকৰ। পশ্চিম ছিয়াং জিলাৰ সদৰ ঠাই আল’ৰ পৰা মেচুকালৈ দূৰত্ব প্ৰায় ১৯০ কিলোমিটাৰ।

উত্তৰ পূৰ্বাঞ্চলৰ হৃদপিণ্ডস্বৰূপ গুৱাহাটীৰ পৰা মেচুকালৈ দূৰত্ব ৭৭৩ কিলোমিটাৰ। সম্প্ৰতি চাৰিওফালে কেৱল বৰফেৰ শুকুলা আচ্ছাদনেৰে আৱৰি ৰখা এই অনন্য পৰিবৱেশৰ মাজত এটা দিন অতিবাহিত কৰিবলৈ পাই আপ্লুত হৈ পৰিছে মেচুকালৈ যোৱা প্রতিজন প্রকৃতিপ্রেমী পর্যটক।

0Shares