সম্পৰ্কীয় বাতৰি

আগন্তুক ২৬ ৰ নিৰ্বাচনত বিজেপিয়ে অসমত তৃতীয়বাৰৰ বাব গঠন কৰিব চৰকাৰ। ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত সভাপতি দিলীপ শইকীয়া

২৬ত বিজেপিয়ে অসমত তৃতীয়বাৰৰ বাব গঠন কৰিব চৰকাৰ। বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে প্ৰথমবাৰৰ বাবে মঙলদৈত উপস্থিত হৈ দলীয় সম্বৰ্ধনা গ্ৰহণ কৰে এই কথা কয় দিলীপ শইকীয়াই।

সম্বৰ্ধনা গ্ৰহণ কৰি ভাষণত তেওঁ কয়, “ভাৰতীয় জনতা পাৰ্টীৰ ৬৫ লাখ কৰ্মীৰ কঠোৰ পৰিশ্ৰম আৰু তপস্যাৰ ফলত ৰাইজৰ সেৱা কৰিবলৈ সক্ষম হৈছো। আগন্তুক দিনত দলটো ৰাইজৰ মাজত থাকি উন্নয়নৰ বাবে কাম কৰি অধিক শক্তিশালী কৰি তুলিব লাগিব।”

তেওঁ লগতে কয় যে, দলৰ সমগ্ৰ শক্তি আৰু জনসমৰ্থনৰে আগন্তুক ২৬ ৰ নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰি তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব।

0Shares