কেতিয়াবা আপুনি নিজৰ প্ৰিয়জন অথবা বন্ধুবৰ্গলৈ লিখিছেনে চিঠি? যান্ত্ৰিকতাৰ পৰা আঁতৰি আলফুলীয়া শব্দৰে ভৰা বুকুৰ ভিতৰৰ কুহুমীয়া বিষ অনুভৱ কৰিছেনে?
ফেচবুক, হোৱাটছএপৰ ধামখুমীয়াত হেঁপাহৰ চিঠিখন অতীত হ’ল। নোহোৱা হল চিঠি লিখাৰ মাদকতা। ডিজিটেল সময়ৰ চাকনৈয়াই কাঢ়ি নিলে চিঠিৰ সেই অতুলনীয় মাদকতা। চিঠিৰ ঠাই ললে ফেচবুক, হোৱাটচএপৰ দৰে ছ’চিয়েল মিডিয়াসমূহে। আজিৰ প্ৰজন্মই নাজানে চিঠি লিখাৰ মাদকতা, নাজানে চিঠি পঢ়াৰ আনন্দ, নুশুনে চিঠি লৈ অহা ডাকোৱালৰ সেই মাত। যিজন ডাকোৱালৰ চিঠিৰ টোপোলাত আছিল হাঁহি বিৰিঙাব। পৰা কিছু খবৰ। ডাকঘৰৰ সেই ৰঙা ৰঙৰ প’ষ্টেল বক্সটো আজিৰ দিনত অৱহেলিত।
তেনে সময়তে ঢকুৱাখনা গ্ৰন্থমেলা আয়োজক সমিতিয়ে হেৰাই যোৱা সেই আন্তৰিকতাপূৰ্ণ অতীত বোৰক পুনৰ এবাৰ জুমি চোৱাৰ উদ্দেশ্যেৰে আয়োজন কৰিলে চিঠি লিখা প্ৰতিযোগিতা। চিঠিৰ দূৰৱস্থা আৰু সংকটৰ সময়তে ঢকুৱাখনা গ্ৰন্থমেলাৰ এই অভিনৱ প্ৰয়াস।
শিক্ষাৰ্থীসকলে মনৰ ভাৱ প্ৰকাশ কৰি পিতৃ-মাতৃ অথবা বন্ধুলৈ লিখিলে এখনি চিঠি। ঢকুৱাখনাৰ কেইবাখনো বিদ্যাল়য়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ভাগ ল’লে চিঠি লিখা প্ৰতিযোগিতাত। চিঠি লিখা প্ৰতিযোগিতাত ভাগ লৈ আনন্দিত হৈ পৰিল শিক্ষাৰ্থী।
