সম্পৰ্কীয় বাতৰি

বাবাৰ ভৱিষ্যতবাণী মিছা প্ৰমাণিত হ’ল। IIT বাবাই আজি অনুষ্ঠিত হোৱা চেম্পিয়ণছ ট্ৰফীৰ ভাৰত-পাকিস্তানৰ মেচত পাকিস্তান জয়ী হ’ব বুলি ভৱিষ্যতবাণী কৰিছিল। ফলস্বৰূপে আজিৰ মেচখনক লৈ আছিল অন্য এক চৰ্চা। কাৰণ বহুতে চাব বিচাৰিছিল কিমান দূৰ ফলিয়াই আই আই টি বাবাৰ ভৱিষ্যতবাণী। কিন্তু অৱশেষত অসাৰ প্ৰতিপন্ন হ’ল।

আকৌ এবাৰ ভাৰতৰ হাতত পৰাস্ত হ’ল পাকিস্তান। আই চি চি চেম্পিয়নছ ট্ৰফীৰ গুৰুত্বপূৰ্ণ খেলত পাকিস্তানক ৬ উইকেটক পৰাস্ত কৰে টিম ইণ্ডিয়াই। আৰু ইয়াৰ লগে লগে টিম ইণ্ডিয়াৰ ছেমি ফাইনেলৰ পথ প্ৰায় প্ৰশস্ত হল। তাৰ বিপৰীতে আয়োজক পাকিস্তানৰ সন্মুখলৈ আহিল ডাঙৰ বিপদ।

দেওবাৰৰ হাইভল্টেজ মেচত টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত লৈছিল মহম্মদ ৰিজৱান দল পাকিস্তানে। কিন্তু মাত্ৰ ২৪১ ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই দলটোৱে। তাৰ বিপৰীতে ২৪২ ৰাণৰ লক্ষ্য আগত ৰাখি ইনিংছ আৰম্ভ কৰা ভাৰতে চাৰিটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৪৪ ৰাণ।

ইফালে আজিৰ মেচখনতে বিৰাট কোহলীয়ে এদিনীয়া ক্ৰিকেটত ১৪,০০০ ৰাণ সম্পূৰ্ণ কৰি ভংগ কৰে শচীন তেণ্ডুলকাৰৰ অভিলেখ।

0Shares