আই চি চি চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ কৰিলে টিম ইণ্ডিয়াই। মেচখনত ভাৰতৰ হৈ বিৰাট কোহলীয়ে সৰ্বাধিক ৯৮টা বলত ৮৪ ৰানৰ ইনিংছ খেলে।
আজিৰ মেচখনত বিৰাট কোহলীয়ে গঢ়িলে কেইবাটাও অভিলেখ:
আইচিচিৰ এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতাত ২৪বাৰৰ বাবে বিৰাট কোহলীয়ে অৰ্ধশতক বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰে।
চেম্পিয়নছ ট্ৰফীত সাতবাৰকৈ ৫০+ স্ক’ৰ কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়।
চেম্পিয়নছ ট্ৰফীৰ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয় বিৰাট কোহলী।
ইফালে আজিৰ মেচৰ বাবেই ৰমজান মাহৰ আজিৰ দিনটোৰ ৰোজা নাৰাখিলে মহম্মদ ছামিয়ে। এই বিষয়টোক ইতিমধ্যে চচিয়েল মিডিয়াত চলিছে সৰৱ চৰ্চা।
