সমস্যাৰে জৰ্জৰিত আইআইটি বাবা অভয় সিঙে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত ছেমিফাইনেল মেচ অনুষ্ঠিত হ’ব বুলি ভৱিষ্যতবাণী কৰিছিল। কিন্তু মেচখনত কোন জিকাৰ সম্ভাৱনা আছে তাৰ ইংগিতহে দিছিল, যদিও তেওঁ এইবাৰ মুকলিকৈ কথা কোৱাৰ পৰা বিৰত আছিল। মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বে ভাৰত আৰু পাকিস্তানৰ মেচত বাবাই কৰা ভৱিষ্যতবাণী ভুল প্ৰমাণিত হৈছিল।
দৰাচলতে আই আই টি বাবা অভয় সিং জয়পুৰৰ পৰা আহিছে। মঙলবাৰে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হবলগীয়া আই চিচি চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলকলৈ নিজৰ ভৱিষ্যতবাণী জাহিৰ কৰিছে। যদিও পোনপটীয়াকৈ কোৱা নাই. তথাপিও এবাৰ ক’লে ‘অষ্ট্ৰেলিয়া’ বুলি। কিন্তু পিছত পুনৰ ক’লে, ‘দেখা যাওক কি হয়গৈ!’
ইয়াৰ পিছত অভয় সিঙে লগতে কয় যে, জয়পুৰত তেওঁ এতিয়া ডাঙৰ সমস্যাত পৰিছে। লগতে বাবাই কৈছে যে, তেওঁৰ বিৰুদ্ধে কমেও ১০০ কেচ ফাইল হৈছে। প্ৰতিটো বেলেগ বেলেগ কেচ।
উল্লেখ্য যে, মহাকুম্ভ মেলাৰ সময়তে ভাইৰেল হৈছিল আই আই টি বাবা।
