সম্পৰ্কীয় বাতৰি

গীতাত ৮৫ টা শ্লোক কৈ অৰ্জুনে গীতাৰ শ্লোকৰ বক্তাৰূপে দ্বিতীয় স্থান লাভ কৰিছে। কুৰুক্ষেত্ৰ যুদ্ধত উভয় পক্ষৰ সেনাৰ মাজত ৰথখন ৰাখি থৈ অৰ্জুনে কাৰ কাৰ লগত যুদ্ধ কৰিব তাক প্ৰথমতে প্ৰত্যক্ষ কৰিবৰ কাৰণে অৰ্জুনে কৃষ্ণক অনুৰোধ জনাইছে। আৰু সেয়াই আছিল গীতাত অৰ্জুনৰ প্ৰথম শ্লোক।

ইয়াৰ পিছতেই অৰ্জুনৰ শাৰীৰিক, মানসিক আৰু বাচসিক পৰিৱৰ্তন আৰম্ভ হয়। অৰ্জুনৰ মনৰ সংশয় উদ্ভৱ হোৱাৰ লগে লগে তেওঁৰ কৰ্তব্য বিচ্যুতি ঘটিল। অৰ্জুন ৰথৰ ওপৰতে বহি পৰিল।

ইয়াৰ লগে লগেই আৰম্ভ হ’ল গীতাৰ পাতনি। শ্ৰীকৃষ্ণই এটা এটাকৈ অৰ্জুনৰ প্ৰশ্নৰ উত্তৰ দি তেওঁৰ মনৰ ভ্ৰান্তি দূৰ কৰিলে। কৃষ্ণৰ যুক্তিত আত্মপ্ৰত্যয় মানি অৰ্জুনে হাতত গাণ্ডীৱ তুলি লৈ কৰ্তব্য পথত অগ্ৰসৰ হ’ল। সেয়ে আছিল অৰ্জুনৰ শেষ বচন অৰ্থ শেষৰটো শ্লোক।

0Shares