অসমৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগটোৰ দায়িত্বহীন ভূমিকাৰ পৰিণতিত বিভিন্ন সময়ত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈ অহাৰ পিচতো কাণ্ডজ্ঞানহীন ভূমিকায়ে প্ৰদৰ্শন কৰি আহিছে বিভাগটোৰ বিপৰীতে নিয়োজিত বিষয়া-কৰ্মচাৰীসকলে। বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ দায়িত্বহীনতাই শেহতীয়াকৈ সোৱণশিৰি নদীত নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ আশংকা ঘনিভূত কৰি তুলিছে।
বিভাগটোৰ একাংশ অকমৰ্ণ্য বিষয়া-কৰ্মচাৰীৰ বাবেই সোৱণশিৰি নদীৰ ঘাগৰ ঘাটৰ লগতে খাবলু ঘাটত এনে নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় লোক তথা নাওযাত্ৰীসকলে। বিভাগীয় নীতি-নিৰ্দেশনা উলংঘা কৰি আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ পৰা উল্লিখিত ঘাটত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলে নিজস্ব মইমতালিৰে এতিয়া উক্ত ঘাটত যাত্ৰীকে ধৰি বিভিন্ন সা-সামগ্ৰীৰ অত্যাধিক বোজা কঢ়িয়াই নিয়াৰ ফলত নাও দুৰ্ঘটনা সংঘটিত হোৱাটো নিশ্চিত হৈ পৰিছে।
আমাৰ হাতত পৰা তথ্য অনুসৰি, ঘাগৰ ঘাটত জল পৰিবহন বিভাগৰ ১৯ গৰাকী আৰু খাবলুঘাটত ১৩ গৰাকী বিষয়া-কৰ্মচাৰী নিযুক্ত হৈ আছে যদিও এই ঘাট সমূহত কৰ্মচাৰীসকলে প্ৰায়ে কৰ্তব্যত ফাঁকি দি আহিছে।
বিভাগটোৰ এছ অ’ তথা এ ই বিপুল শৰ্মাৰ ধনলোভী মানসিকতাৰ সুযোগ লৈ এইসকল কৰ্মচাৰীয়ে প্ৰায়ে কৰ্তব্যত উপস্থিত নথকাৰো অভিযোগ উঠিছে।
প্ৰাপ্ত অভিযোগ অনুসৰি এই বিষয়াগৰাকীৰ লগত কৰ্মচাৰীসকলৰ গোপন বুজাবুজি থকা বাবেই তেওঁলোকে দৈনিক পালমৰা মনোবৃত্তিৰে অথবা কৰ্তব্যত অনুপস্থিত থাকিয়েই চৰকাৰী দৰমহা মাহৰ পিচত মাহ ধৰি ভোগ কৰি আহিছে। এইক্ষেত্ৰত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কাৰ্যবাহী বিষয়াজনৰ ভূমিকাও সন্দেহজনক।
প্ৰাপ্ত তথ্যমতে, বিভাগটোৰ অধীনৰ ঘাগৰঘাটত চাৰিগৰাকী এছ এ, চাৰিগৰাকী খালাচী, এগৰাকী গ্ৰীজাৰ, চাৰিগৰাকী লস্কৰ, এগৰাকী চুখানী, এগৰাকী চকীদাৰ আৰু এগৰাকী চায়েন থকাৰ বিপৰীতে খাবলুঘাটতো ১৩ গৰাকীকৈ কৰ্মচাৰী এইগৰাকী এছ অ’ৰ তত্বাৱধানত কৰ্তব্যত নিয়োজিত আছে। পিচে তেওঁলোকৰ লগত থকা গোপন বুজাবুজিৰ বাবেই তেওঁলোকক কোনো পৰিস্থিতিতে কৰ্তব্যত উপস্থিত থাকিবলৈ বাধ্য নকৰে বিষয়াগৰাকীয়ে৷
উত্থাপিত অভিযোগ মতে, বিষয়াগৰাকীক দুয়োটা ঘাটৰ কৰ্মচাৰীয়ে মাহেকীয়া চুক্তিৰ ভিত্তিত ধন আদায় দি অহাৰ বাবেই তেওঁলোকক কৰ্তব্যত উপস্থিত থাকিবলৈ বিষয়াগৰাকীয়ে বাধ্য কৰিব নোৱাৰে।
আনহাতে, দুয়োটা ঘাটত চৰকাৰী বিষয়া কৰ্মচাৰী উপস্থিত নথকা বাবেই লেছীয়ে নিজ ইচ্ছাৰে ফেৰী যাত্ৰীৰ পৰা অধিক ভাড়া সংগ্ৰহ কৰি আহিছে৷ চৰকাৰী নিৰ্দেশনা অনুসৰি, লেছীয়ে এগৰাকী মানুহৰ বিপৰীতে ১৫ টকা আৰু এখন মটৰ চাইকেলৰ বিপৰীতে ২৫ টকাকৈ ভাড়া সংগ্ৰহ কৰিব লাগে যদিও ঘাগৰ ঘাটত লেছী গগন দত্তই প্ৰতিখন মটৰ চাইকেলৰ পৰা ৫০-১০০ টকা আৰু এগৰাকী লোকৰ বিপৰীতে ৩০ টকাকৈ ভাড়া সংগ্ৰহ কৰি আহিছে৷
অনুৰূপ কাৰ্য সংঘটিত হৈছে সোৱণশিৰিৰ খাবলু ঘাটতো। উক্ত ঘাটত লেছী জীৱন দলেয়েও ঘাগৰ ঘাটৰ দৰেই ভাড়া সংগ্ৰহ কৰি আহিছে৷ এইক্ষেত্ৰত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে মৌনতাহে অৱলম্বন কৰি অহাত উক্ত দুই ঘাটেৰে পাৰাপাৰ হোৱা যাত্ৰীসকল ক্ষোভিত হৈ পৰিছে।
লখিমপুৰৰ পৰা মানৱজ্যোতি শইকীয়াৰ প্ৰতিবেদন
