লখিমপুৰ জিলাৰ কদম জৰাধৰা অঞ্চলত ১৯৫২ চনত প্ৰতিষ্ঠা হোৱা ৭২ বছৰীয়া পশ্চিম জৰাধৰা নামঘৰৰ প্ৰায় ৩৮ ঘৰ জ্ঞাতি বর্গই উলহ-মালহেৰে উদযাপন কৰে হেঁপাহৰ ভোগালী বিহু। দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ভোগালী বিহুৰ উদযাপনৰ বাবে প্ৰস্তুত কৰে আহোমৰ ঐতিহ্য বহনকাৰী ৰংঘৰ আকৃতিৰ ভেলাঘৰ৷
বৃহত্তৰ ৰাইজৰ পূৰ্ণ সহযোগিতাৰে সপ্তাহযোৰা প্ৰচেষ্টাৰে অতি সুন্দৰভাৱে সাজি উলিয়াই ভেলাঘৰ লগতে সুউচ্চ কাঠৰ মেজি৷ প্ৰত্যেক বছৰৰ দৰে পৰম্পৰাগতভাৱে সকলোৱে উৰুকাৰ দিনা আনন্দ মনেৰে ভোজ-ভাত খায়৷ ভোগালীৰ আনন্দৰ মাজেৰে সমগ্ৰ অঞ্চলটিৰ লোকে সম্প্ৰীতিৰ এনাজৰীৰ বাট দেখুৱাই নতুন প্ৰজন্মক।
দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ভোগালী বিহুৰ প্ৰথম দিনা তথা উৰুকাত সকলোৱে ভোজ-ভাত খাই ৰাতিলৈ অনুষ্ঠিত কৰে বিহুৰ বিশেষ অনুষ্ঠান ৷ পশ্চিম জৰাধৰা অঞ্চলৰ সকলো ৰাইজৰ লগতে সমগ্ৰ অঞ্চলটিৰ ৰাইজৰ পূৰ্ণ সহযোগিতাৰে অনুষ্ঠানটি উদ্যাপিত হয়।
অঞ্চলৰ ডেকা- গাভৰু,বয়োজ্যেষ্ঠ সকলোৱে পূৰ্বৰ ভেলাঘৰ ৰখাৰ পৰম্পৰাৰে ভেলাঘৰত থাকি ৰাতিপুৱালৈ অৰ্থাৎ দ্বিতীয় দিনা পুৱা প্ৰায় ৫ বজাত মেজি জ্বলাই ভগৱানৰ ওচৰত সেৱা লয়৷ জনবিশ্বাস অনুসৰি অঞ্চলটিৰ সকলোৱে মেজিৰ তলত নিজ-নিজ মনোবাঞ্ছা পূৰণৰ অৰ্থে সেৱা লয়৷ মেজিৰ তলিত সকলোৱে সমিলমিলেৰে লাড়ু-পিঠা,জলপান আদি খায়৷
ইয়াৰোপৰি ভেলাঘৰ স্থলিত আয়োজন কৰে বহু ন-পুৰণি খেল৷ মূলত: সম্প্ৰীতিৰ এনাজৰীৰে সকলো পশ্চিম জৰাধৰাবাসী ৰাইজে বহু উৎসাহ- উদ্দীপনাৰ মাজেৰে উদ্যাপন কৰে হেপাঁহৰ ভোগালী৷
(হিমাংশু বৰুৱাৰ প্ৰতিবেদন)
