বিৰোধীৰ বৈঠকত তুমুল বাদ-বিবাদ।
খঙত অগ্নিশৰ্মা হৈ বৈঠকৰ পৰা ওলাই আহিল সাংসদ প্ৰদ্যুৎ বৰদলৈ।
সোণাপুৰৰ আতিথ্য ৰিজ’ৰ্টত অনুষ্ঠিত হৈছিল বিৰোধীৰ বৈঠক।
সাংবাদিকৰ কোনো প্ৰশ্নৰ উত্তৰ নিদি আঁতৰি আহে সাংসদ গৰাকী।
কেৱল এইয়া তেওঁৰ ব্যক্তিগত কথা, তেওঁ নাথাকে, সেইয়া পিছত গম পাব বুলি কয় সাংবাদিকক।
প্ৰদ্যুৎ বৰদলৈক উভতাই নিবলৈ পিছে পিছে ওলাই আহিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা।
অৱশ্যে সভাপতি ভূপেন বৰাইও মুখ নুখুলিলে সাংবাদিকৰ আগত।
অৱশ্যে কিয় ওলাই আহিল বৈঠকৰ পৰা সেই কথা জানিব পৰা হোৱা নাই বৰ্তমানলৈকে।
